সিংহৰ পাছত এইবাৰ কৰ'ণাত আক্ৰান্ত ২৮টাকে হাতী

সিংহৰ পাছত এইবাৰ কৰ'ণাত আক্ৰান্ত ২৮টাকে হাতী

#news_time_assam #Elephants #TamilNadu #Tiger #Covid

'ভিডৰ সংক্ৰমণ অকল মানুহৰ মাজতে সীমাবদ্ধ থকা নাই, জীৱকুলৰ ওপৰতো পেলাইছে ব্যাপক প্ৰভাৱ৷

 তামিলনাডুৰ মধুমালাইৰ ব্যঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত থেপাকান্দু হস্তী শিৱিৰত সংঘটিত হৈছে এই ঘটনা৷ শিৱিৰত থকা ২৮টাকে হাতীৰ শৰীৰত ধৰা পৰিছে ক'ভিড পজিটিভ৷

  ইতিমধ্যে হাতী সমূহৰ আপডাল কৰা ৫২জন মাউতৰ লগতে ২৭জন সহায়কাৰীক কৰা হয় কৰ'ণা টেষ্ট৷ আটাইৰে নিগেটিভ অহাৰ পিছতে দিয়া হয় টীকাকৰণ৷

 কৰ'ণা আক্ৰান্ত ২৮টা হাতীক বিশেষ পৰ্যৱেক্ষণত ৰখা হৈছে৷ লগতে হাতীকেইটাৰ শৰীৰৰ উষ্ণতা আৰু খাদ্যাভাষৰ ওপৰতো বিশেষ নজৰ ৰাখিছে পশু চিকিৎসকে৷ তামিলনাডুৰ বনমন্ত্ৰী কে ৰামচন্দ্ৰই থেপাকান্দু হস্তী শিৱিৰৰ সকলো জন্তুৰে কৰ'ণা টেষ্ট কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷

  উল্লেখ্য যে কিছুদিনৰ পূৰ্বে ৰাজ্যখনৰ আৰিগানাৰ আন্না জিঅ'লজিকেল পাৰ্কত ৯টাকৈ সিংহৰ শৰীৰত ধৰা পৰিছিল ক'ভিড পজিটিভ৷ ইয়াৰে এটা সিংহৰ মৃত্যু হয়৷ তাৰ পাছতে তৎপৰ হৈ পৰিছিল ৰাজ্যখনৰ প্ৰশাসন।

Category
Profile picture for user UB Photos